Share and Enjoy !

Shares

জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ১৭গৰাকীকৈ যাত্ৰী। যাত্ৰীবাহী বাছত ট্ৰাকে খুন্দা মৰাৰ পাছতে সৃষ্টি হয় ভয়ংকৰ পৰিস্থিতিৰ।

কৰ্ণাটকৰ চিত্ৰদুৰ্গ জিলাৰ হিৰিয়ুৰ জিলাত সংঘটিত হৈছে ভয়ংকৰ ঘটনা।চিত্ৰদুৰ্গ জিলাত এখন ট্ৰাক আৰু নাইট চুপাৰৰ মাজত সংঘৰ্ষ হয়। ফলত দুয়োখন বাহনতে সূত্ৰপাত হয় অগ্নিকাণ্ডৰ। যাৰ বাবে নাইট চুপাৰত অহা যাত্ৰীসকল ভিতৰতে আৱদ্ধ হৈ পৰে।নিশা প্ৰায় ১২বজাত এই ঘটনা সংঘটিত হয় বুলি আৰক্ষীয়ে সদৰি কৰে।

এই অগ্নিকাণ্ডৰ ফলত ১৭গৰাকী যাত্ৰীৰ মৃত্যু হয় লগতে আহত হয় কেইবাগৰাকীয়ো যাত্ৰী।আহতসকলক আৰক্ষীয়ে উদ্ধাৰ কৰি স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰাই।।ট্ৰাক চালকগৰাকীৰ থিতাতে মৃত্যু হয় বুলি জানিব পৰা গৈছে।

বাছখনত চালক আৰু হেণ্ডিমেনৰ সৈতে মুঠ ৩২গৰাকী যাত্ৰী আছিল বুলি সদৰি কৰিছে আৰক্ষীয়ে।বৰ্তমান চিকিতসাধীন হৈ থকা আন যাত্ৰীসকলৰ ভিতৰত ২গৰাকীৰ স্বাস্থ্য অতিকৈ সংকটজন। যাৰ বাবে তেওঁলোকক বেংগালুৰুলৈ উন্নত চিকিতসাৰ বাবে প্ৰেৰণ কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *