CIDৰ কাৰ্যালয়ত উপস্থিত বিশিষ্ট সাহিত্যিক ড° ৰীতা চৌধুৰী। আজি SITয়ে তলব কৰিব বিশিষ্ট সাহিত্যিকগৰাকীক।
যোৱা সোমবাৰে ফোনযোগে এছ আই টিয়ে তলব কৰিছিল বিশিষ্ট সাহিত্যিকগৰাকীক। তাৰ পিছত আজি দিনৰ প্ৰায় ১১বজাত চি আই ডিৰ কাৰ্যালয়ত উপস্থিত হয় বিশিষ্ট সাহিত্যিকগৰাকী।
উল্লেখ্য যে,জুবিন গাৰ্গ ছিংগাপুৰলৈ যোৱাৰ পূৰ্বে এটা সাক্ষাতকাৰত বহিছিল ৰীতা চৌধুৰীৰ সৈতে। জীৱনত কোনোদিনে নোকোৱা বহু কথা কৈছিল জুবিন গাৰ্গে।
উক্ত সাক্ষাতকাৰত নিজৰ স্বাস্থ্যৰ অৱনতিৰ কথা সদৰি কৰিছিল বুলিও ৰীতা চৌধুৰীয়ে প্ৰকাশ কৰিছিল। সাক্ষাতকাৰৰ উপৰিও অফ কেমেৰা জীৱনৰ বিষয়ে বহু কথা পাতিছিল ৰীতা চৌধুৰী আৰু জুবিন গাৰ্গে। এই সকলোবোৰ কথা জানিবলৈকে এছ আই টিয়ে সাক্ষ্য গ্ৰহণ কৰিব ৰীতা চৌধুৰীৰ।
