Share and Enjoy !

Shares

ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ বিৰুদ্ধে দিছপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল বিৰোধী ঐক্যমঞ্চৰ

ভোট চুৰি আৰু নিৰ্বাচনী আচৰণ বিধি ভংগ কৰাৰ অভিযোগত শইকীয়াৰ বিৰুদ্ধে এজাহাৰ।দাখিল বিৰোধীৰ

এজাহাৰ দাখিলৰ সময়ত দিছপুৰ থানাত উপস্থিত হয় কংগ্রেছ, অজাপ, ৰাইজৰ দল, CPI(M)ৰ নেতৃত্ব। ৰিপুন বৰা, ৰকিবুল হুছেইন, ৰাছেল আহমেদ, লুৰীণজ্যোতি গগৈ, মীৰা বৰঠাকুৰসহ কেইবাগৰাকীও নেতাক দেখা গল দিছপুৰ আৰক্ষী থানাত ।

অখিল গগৈৰ অভিযোগ অনুসৰি, ৪ জানুৱাৰীত হোৱা ভিডিঅ’ কনফাৰেন্সত বিজেপিৰ মন্ত্রী, বিধায়ক, জিলা সভাপতিক বিজেপিক ভোট নিদিয়া ভোটাৰক চিনাক্ত কৰাৰ নিৰ্দেশ দিছিল দিলীপ শইকীয়াই। অহা ১২ জানুৱাৰীৰ ভিতৰত বিজেপিক ভোট নিদিয়া ভোটাৰৰ নাম কৰ্তন কৰিবলৈ নিৰ্দেশ দিয়াৰ অভিযোগ উত্থাপন কৰিছিল শিৱসাগৰৰ বিধায়ক গৰাকীয়ে। আনহাতে দিলীপ শইকীয়াইও দিছিল অখিল গগৈৰ অভিযোগৰ প্ৰত্যুত্তৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *