আসন্ন বিধানসভা নিৰ্বাচন উপলক্ষে ৰাজ্যজুৰি বৃদ্ধি পাইছে ৰাজনৈতিক দল সমূহৰ নিৰ্বাচনী তৎপৰতা।৩৫ নং নিউ গুৱাহাটী বিধানসভা সমষ্টিৰ কংগ্ৰেছ দলীৰ প্ৰাৰ্থী শান্তনু বৰাই বিগত কেইবাদিনো ধৰি সমষ্টিটোত মাৰাথান প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে।
কংগ্ৰেছ দলৰ প্ৰাৰ্থী শান্তনু বৰাই সমষ্টিটোৰ অন্তৰ্গত বামুনিমৈদাম ৰে’লৱে কলনীত পৃথকে পৃথকে অনুষ্ঠিত হোৱা দুখনকৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰাৰ লগতে সমষ্টিটোৰ অন্তৰ্গত বামুনিমৈদাম ৰেলৱে কলনীত কংগ্ৰেছ দলৰ নিৰ্বাচনী কাৰ্যালয়টো আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰে। নিৰ্বাচনী কাৰ্যালয় মুকলি অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা নিৰ্বাচনী প্ৰচাৰ সভাখনতে কংগ্ৰেছ দলৰ নীতি আৰু আৰ্দশৰ প্ৰতি আকৃষ্ট হৈ প্ৰায় শতাধিক লোক কংগ্ৰেছ দলত যোগদান কৰে।
নিৰ্বাচনী প্ৰচাৰ সভা সমূহত অংশগ্ৰহণ কৰি কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৰাকীয়ে বিজেপি দলক সমালোচনা কৰি কয় বিজেপিৰ ১০ বছৰীয়া শাসন কালত কোনোধৰণৰ উন্নয়ন নহ’ল।কেবল তেওঁলোকৰ ব্যক্তিগত উন্নয়নহে কৰিলে। গৌৰৱ গগৈৰ নেতৃত্বাধীন কংগ্ৰেছৰ
নিৰ্বাচনী প্ৰচাৰ সভা সমূহত ৰাইজৰ মৰম,আৰ্শীবাদ আৰু ব্যাপক সঁহাৰিয়ে আমাৰ জয় যে নিশ্চিত সেয়া প্ৰমাণ কৰিছে বুলিও প্ৰাৰ্থী গৰাকীয়ে মন্তব্য কৰে।