কংগ্ৰেছত পুনৰ খহনীয়া। মৰিগাঁও জিলা কংগ্ৰেছ কমিটিৰ সভাপতি বীৰ কুমাৰ কোঁৱৰৰ পদত্যাগ।
অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈ লৈ এক পত্ৰৰ জৰিয়তে সভাপতি পদৰ পৰা পদত্যাগ কৰাৰ লগতে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাথমিক সদস্য পদৰ পৰাও পদত্যাগ কৰে
উল্লেখ্য যে, ব্যক্তিগত কাৰণত পদত্যাগ কৰাৰ কথা জনালে বীৰ কুমাৰ কোঁৱৰে।
নিৰ্বাচনৰ পূৰ্বে এই পদত্যাগৰ ঘটনাই মৰিগাঁও জিলা কংগ্ৰেছৰ সাংগঠনিক স্থিতিত যথেষ্ট প্ৰভাৱ পেলাব বুলি ৰাজনৈতিক মহলত আলোচনা আৰম্ভ হৈছে। এটাৰ পিছত আনটো পদত্যাগৰ ঘটনাই দলটোৰ ভিতৰত আভ্যন্তৰীণ মতভেদৰ ইংগিত প্ৰদান কৰিছে।