অগ্ৰিম জামিন বিচাৰি আবেদন পৱন খেড়াৰ।
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ শৰণাপন্ন পৱন খেড়া।
খেড়াই ৰিণিকি ভূঞা শৰ্মাৰ বিৰুদ্ধে উত্থাপন কৰিছিল গুৰুতৰ অভিযোগ। ৰিণিকি ভূঞা শৰ্মাই এজাহাৰ দিছিল পৱন খেড়াৰ বিৰুদ্ধে।
এই গোচৰৰ পিছতে মঙলবাৰে খেড়াক বিচাৰি দিল্লীত হৈছিল অসম আৰক্ষীৰ দল। কিন্তু বাসগৃত খেড়া উপস্থিত নাছিল। মুখ্যমন্ত্ৰীৰ পত্নীৰ বিৰুদ্ধে অভিযোগ আনি ন্যায়ালয়ৰ কাষ চাপিছে কংগ্ৰেছ নেতা পৱন খেড়া।