ভোটগ্ৰহণৰ আগদিনা প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ এগৰাকী কংগ্ৰেছ প্ৰাৰ্থীৰ।
ওদালগুৰিৰ প্ৰাৰ্থী সুৰেন দৈমাৰীয়ে প্ৰত্যাহাৰ কৰিলে প্ৰাৰ্থিত্ব।
অকল প্ৰাৰ্থিত্ব এৰাই নহয়, কংগ্ৰেছ দলো ত্যাগ কৰিলে সুৰেন দৈমাৰীয়ে।
নিৰ্বাচনৰ আগদিনা প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ এই ঘটনা ৰাজ্যৰ নিৰ্বাচনী ইতিহাসত নজিৰবিহীন ঘটনা হিচাপে বিবেচিত হৈছে।
ওদালগুৰি সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী আছিল দৈমাৰী।