অগ্ৰিম জামিন মঞ্জুৰ কংগ্রেছ নেতা পৱন খেড়াৰ
তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন
কেইবাটাও চৰ্ত দি এসপ্তাহৰ বাবে জামিন প্রদান কৰে কংগ্রেছ নেতাজনক
উল্লেখ্য যে, ৬ এপ্রিলত গুৱাহাটী ক্রাইম ব্রাঞ্চত খেড়াৰ বিৰুদ্ধে ৰুজু হৈছিল গোচৰ
মুখ্যমন্ত্রীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই দাখিল কৰিছিল এজাহাৰ
ক্রাইম ব্রাঞ্চে BNSৰ ১২টাকৈ ধাৰা সংযোজন কৰি ০৪/২৬ত ৰুজু কৰিছিল গোচৰ
সেই গোচৰত ক্রাইম ব্রাঞ্চে পৱন খেড়াৰ বিৰুদ্ধে দিল্লী, হায়দৰাবাদত চলাইছিল অভিযান
অসমত গোচৰ ৰুজু হোৱাৰ পিছতে জামিন বিচাৰি আবেদন কৰিছিল খেড়াই
৯ এপ্রিলত তেলেংগানা উচ্চ ন্যায়ালয়ত হৈছিল অগ্রিম জামিন আবেদনৰ শুনানি
জামিন নাকচৰ বাবে অসমৰ মহাধিবক্তা দেৱজিৎ লন শইকীয়াই আদালতত যুক্তি দিছিল