সমাগত অসম বিধানসভা নিৰ্বাচন।নিৰ্বাচনক লৈ অসমৰ ৰাজনৈতিক দলৰ প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ মাজত চলি আছে টিকটকেন্দ্ৰিক সংঘাত।
তাৰ মাজতে আকৰ্ষণীয় হৈ পৰিছে নবগঠিত ছমৰীয়া বিধানসভা সমষ্টিৰ ৰাজনৈতিক প্ৰেক্ষাপট।নিৰ্বাচনক কেন্দ্ৰ কৰি ছমৰীয়াত কংগ্ৰেছ দলৰ মাজত চলিচে টিকটকেন্দ্ৰিক সংঘাত।ছমৰীয়াত চৰ্চাত আছে দুজন কংগ্ৰেছৰ নেতাৰ নাম ।প্ৰাৰ্থীত্ব প্ৰত্যাশী ৰেকিবুদ্দিন আহমেদ আৰু মেহবুব আলী।কিন্তু নবগঠিত ছমৰীয়াবাসীয়ে নিবিচাৰে ৰেকিবুদ্দিন আহমেদক। বিধায়ক ৰেকিবুদ্দিন আহমেদৰ পৰিৱৰ্তে সমষ্টিটোত শক্তিশালী স্থিতিত কংগ্ৰেছৰ নেতা মেহবুব আলী।
সমষ্টিটোত ব্যাপক তৎপৰতা প্ৰাৰ্থিত্ব প্ৰত্যাশী মেহবুব আলীৰ।দিনে-নিশাই ছমৰীয়াত প্ৰচাৰ কাৰ্য অব্যাহত ৰাখিছে কংগ্ৰেছী নেতা মেহবুব আলীয়ে
উল্লেখ্য যে ৰেকিবুদ্দিন আহমেদক টিকট প্ৰদান নকৰিবলৈ কংগ্ৰেছী নেত্ৰী প্ৰিয়ংকা গান্ধীক আহ্বান জনাইছিল একাংশই। ৰেকিবুদ্দিনৰ পৰিৱৰ্তে ছমৰীয়াত মেহবুব আলীয়ে প্ৰাৰ্থিত্ব পোৱাৰ পূৰ্ণ সম্ভাৱনা।