ঢেকীয়াজুলি, ১২ অক্টোৱৰঃ আজি উত্তৰ অসমত বিশাল যোগদান সভাত অংশ লয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে৷ গৌৰৱ গগৈৰ উপস্থিতিত অনুষ্ঠিত যোগদান সভাতি বিভিন্ন দল-সংগঠনৰ পৰা কেইবা শতাধিক লোকে কংগ্ৰেছত যোগদান কৰে৷
ঢেকিয়াজুলিৰ ৰাজীৱ ভৱনত শোণিতপুৰ জিলা কংগ্ৰেছৰ সভাপতি কাৰ্তিক কুৰ্মীৰ সভাপতিত অনুষ্ঠিত কংগ্ৰেছৰ বিশাল যোগদান কাৰ্যসূচীত জ্যেষ্ঠ বিজেপি নেতা বাতাচ ওৰাঙে ৬ শতাধিক লোকৰ সৈতে কংগ্ৰেছত যোগদান কৰে৷
আম আদমী পাৰ্টিৰ নেতা বিবেক বৰা, হৰেণ নাথসহ ৰাইজৰ দল, আপৰ নেতা-কৰ্মীয়ে কংগ্ৰেছ দলত যোগদান কৰে৷ আজিৰ এই যোগদান কাৰ্যসূচীত দলীয় কৰ্মীক সম্বোধন কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্নীতি উদঙাই তীব্ৰ সমালোচনা কৰে৷
গৌৰৱ গগৈয়ে কয় যে বিজেপি দল এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ প্ৰাইভেট লিমিটেড কোম্পানীত পৰিণত হৈছে৷ নিজৰ লাভ, পত্নী আৰু পুত্ৰৰ সম্পতিৰ বৃদ্ধিৰ বাবেহে ৰাজনীতি কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মা চৰকাৰ আৰু তেওঁৰ কোম্পানীত ৫ জন ড্ৰাইৰেক্টৰ আছে। প্ৰথম ডাইৰেক্টৰ পীয়ুজ হাজৰিকা, দ্বিতীয় জয়ন্ত মল্ল বৰুৱা, তৃতীয় দিগন্ত কলিতা, চতুৰ্থ মানৱ ডেকা আৰু পঞ্চম জন হৈছে অশোক সিংহাল। এই পাঁচজনৰ মাজত প্ৰতিযোগিতা চলিছে কাৰ ঘৰ কিমান ডাঙৰ আৰু কাৰ ধন বেছি কৰিব পাৰে।
মুখ্যমন্ত্ৰীয়ে দুদিন পূৰ্বে দৰমহাৰ বাহিৰে তেওঁৰ সম্পত্তি নাই বুলি কোৱাত আজি গৌৰৱ গগৈয়ে উভতি ধৰি কয় যে সম্পত্তি নোহোৱা কথাটো বিশ্বাস নকৰে অসমৰ ৰাইজে। মুখ্যমন্ত্ৰীয়ে এই কেইদিন কৈছে তেওঁৰ হেনো সম্পত্তি নাই৷ অসমৰ মুখ্যমন্ত্ৰী কোটিপতি মুখ্যমন্ত্ৰী। ভাৰতৰ ভিতৰত নৱম স্থানত আমাৰ মুখ্যমন্ত্ৰীৰ সম্পত্তি। তেওঁৰ পৰিবাৰৰ নামত অজস্ৰ সম্পতি গঢ়িছে৷ এইবোৰ ৰাইজে দেখি আছে৷ জুবিন গাৰ্গক ন্যায়ৰ দাবীৰে কংগ্ৰেছ কৰ্মীলৈ গৌৰৱ গগৈয়ে আহ্বান জনাই কয় যে সকলোৱে সামাজিক মাধ্যমত আজি সন্ধিয়া ‘হেষ্টটেগ জাষ্টিচ ফৰ জুবিন গাৰ্গ’ লিখক৷ গৌৰৱ গগৈয়ে ঢেকিয়াজুলিৰ কংগ্ৰেছ নেতা-কৰ্মীক প্ৰশংসা কৰি কয় যে আজিৰ এই যোগদান কাৰ্যসূচী আটাইতকৈ ভাল হৈছে।
প্ৰথমবাৰৰ বাবে কংগ্ৰেছৰ সফল যোগদান কাৰ্যসূচী অনুষ্ঠিত হৈছে ঢেকিয়াজুলিত। এই যোগদান কাৰ্যসূচীয়ে অহা বিধানসভা নিৰ্বাচনত ঢেকিয়াজুলিত কংগ্ৰেছৰ বিজয় নিশ্চিত হৈছে।
আজিৰ পৰা ঢেকিয়াজুলিত কষ্ট আৰম্ভ হোৱা বুলি মন্তব্য গৌৰৱ গগৈয়ে কয় যে ঢেকিয়াজুলিত কংগ্ৰেছৰ সভা অনুষ্ঠিত কৰাৰ আগত কংগ্ৰেছীসকল আক্ৰমণৰ বলি হৈছে৷ অশোক সিংহালে সেৱাৰ বাবে নহয় নিজৰ বাবেহে অপশাসনৰ ক্ষমতা ল’ব আহিছে বুলি মন্তব্য কৰে৷ ভাষণ প্ৰসংগত অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুকলৈ সৰৱ হয় লোকসভাৰ বিৰোধী দলপতি তথা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ৷ জুবিন গাৰ্গৰ মৃত্যু কেনেকৈ হ’ল অসমৰ ৰাইজে জানিব বিচাৰে৷ মুখ্যমন্ত্ৰীগৰাকী জুবিন গাৰ্গৰ মৃত্যুকলৈ নিমাত৷ শ্যামকানু মহন্ত মুখ্যমন্ত্ৰীৰ সৈতে ঘনিষ্ঠ৷ ফটোসমূহে প্ৰমাণ কৰে৷
আজিৰ সভাত নিখিল ভাৰত কংগ্ৰেছৰ সম্পাদক মনোজ চৌহান, ৰিপুন বৰা, শিৱামণি বৰা, প্ৰাক্তন সাংসদ আৰ পি শৰ্মা, প্ৰাক্তন বিধায়ক অভিজিৎ হাজৰিকা, অশোক শৰ্মা, প্ৰাক্তন মন্ত্ৰী টংক বাহাদুৰ ৰায়, প্ৰাক্তন বিধায়ক ভীমানন্দ তাঁতী উপস্থিত থাকে৷
