Share and Enjoy !

Shares

বিজেপি চৰকাৰৰ জলজীৱন মিছন আঁচনিৰ বিফলতা আৰু এই বিভাগটোত হোৱা ব্যাপক দুৰ্নীতিৰ প্ৰতিবাদত তৎকালীনভাৱে চি.বি.আইৰ তদন্তৰ বিচাৰি ধেমাজিত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ উপস্থিতত ধৰ্ণা কাৰ্যসূচী।

আজি ধেমাজি জিলা কংগ্ৰেছৰ প্ৰায় এক সহস্ৰাধিক কংগ্ৰেছ কৰ্মীয়ে হাতে হাতে বেনাৰ,পোষ্টাৰ,প্লে’কাৰ্ড লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা গ’বেক, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা কাম নাই, জনস্বাস্থ্য কাৰিকৰী বিভাগত হোৱা দুৰ্নীতিৰ শীঘ্ৰেই CBI তদন্ত কৰক ইত্যাদি শ্ল’গানেৰে প্ৰতিবাদ সাব্যন্ত কৰে৷ প্ৰতিবাদকাৰী সকলে জিলা কংগ্ৰেছৰ কাৰ্য্যালয় পৰা ধেমাজি আৰক্ষী তিনি আলি লৈকে প্ৰতিবাদ সাৱ্যস্ত কৰা পৰিলক্ষিত হয়৷

Leave a Reply

Your email address will not be published. Required fields are marked *