ভাৰত-নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত পাঁচখনীয়া টি-টুৱেণ্টী শৃংখলাৰ অন্তিমখন মেচত শনিবাৰে ভাৰতে ৪৬ ৰানত জয়লাভ কৰে।
কেৰালাৰ তিৰুৱনন্তপুৰমত অনুষ্ঠিত মেচখনত ভাৰতে প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত ২০ অ’ভাৰত ৫টা উইকেট হেৰুৱাই ২৭১ ৰান সংগ্ৰহ কৰে।
ভাৰতৰ হৈ ঈশান কিষাণে ১০৩ ৰানৰ শতকীয় ইনিংছ খেলে।
প্ৰত্যুত্তৰত নিউজিলেণ্ডে ১৯ অভাৰ ৪টা বলত ২২৫ ৰান সংগ্ৰহ কৰে।
নিউজিলেণ্ডৰ হৈ ফিন এলেনয়ে ৮০ ৰান সংগ্ৰহ কৰে।
ভাৰতৰ হৈ অৰ্শ্বদীপ সিঙে ৫টা উইকেট লাভ কৰে। ভাৰতে ৪-১ ব্যৱধানত টি-টুৱেণ্টী শৃংখলা দখল কৰে।