Share and Enjoy !

Shares

ৰাজ্যৰ বিধানসভা নিৰ্বাচন দিন চুম চাপি অহাৰ লগে লগে সকলোবোৰ ৰাজনৈতিক দলে প্ৰচাৰাভিযান তীব্ৰতৰ কৰি তুলিছে৷ প্ৰতিকুল বতৰকো নেওচি ইতিমধ্যে শাসক- বিৰোধীৰ প্ৰাৰ্থীৰ হৈ অসমত প্ৰচাৰ চলাইছেহি কে’বাগৰাকী হাই প্ৰফাইল নেতাই ৷

দেৰগাঁৱত কেন্দ্রীয় মন্ত্রী ৰাজনাথ সিঙৰ নিৰ্বাচনী প্রচাৰ।দেৰগাঁৱত ড০ মৃদুল দত্তৰ হৈ নিৰ্বাচনী প্রচাৰ ৰাজনাথ সিঙৰ

নিৰ্বাচনী প্রচাৰ সভাত অসমীয়াতে ভাষণ আৰম্ভ কৰে ৰাজনাথ সিঙে। ভাষণত ৰাজনাথ সিঙে অসমীয়াতে কয়, ‘মই অসমীয়া কিছু বুজি পাও, কিন্তু ক’ব নাজানো’।।লগতে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয়,অসমৰ চাহে সমগ্র বিশ্বতে নিজৰ সুগন্ধি বিয়পাইছে। ভাৰতৰ অখণ্ডতা ৰক্ষাৰ বাবে সৰ্বশ্ব উজাৰি দিছে অসমৰ লোকে।ইয়ালৈ আহি মই নথৈ আনন্দিত হৈছো

ভাষণত ৰাজনাথ সিঙে উল্লেখ কৰে যে, উত্তৰ-পূবে হওক অসমে হওক, উত্তৰ-পূবৰ প্রথম চিন্তা কৰিছিল অটল বিহাৰী বাজপেয়ীয়ে।ইয়াৰ বাবে এক পৃথক মন্ত্রালয়ৰ ব্যৱস্থা কৰিছিল অটল বিহাৰী বাজপেয়ীয়ে

ভাষণত কংগ্ৰেছক কটাক্ষ কৰি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয়, কংগ্রেছে নিজৰ কৰ্মৰাজিৰ ওপৰত নজৰ দিয়ক।অসমক কংগ্রেছে অন্তিমখন গাঁও বুলি ভাবিছিল’ ‘বিজেপিয়ে অসমক প্রথমখন গাঁৱৰ স্বীকৃতি দিছে’:

Leave a Reply

Your email address will not be published. Required fields are marked *