সোমবাৰে নিশা ধুবুৰীৰ ভাৰত বাংলাদেশ সীমান্তৰ ভোগডহৰ অঞ্চলত আটক এজন লোকক।ভাৰত বাংলাদেশ সীমান্ত পাৰ হ’বলৈ চেষ্টা চলাওঁতে BSF-এ আটক কৰে আদম আলী নামৰ লোকজনক। ধৃত আদম আলীৰ পৰা জব্দ কৰে ২৫ টা বিলাতী সুৰাৰ বটল আৰু ফটকা।
সন্দেহযুক্ত নিষিদ্ধ সামগ্ৰী লগত লৈ আন্তঃৰাষ্ট্ৰীয় সীমা পাৰ হৈ বাংলাদেশলৈ সৰবৰাহ কৰিবলৈ লওতেই আদমক আটক কৰে ।বাংলাদেশৰ কলা বজাৰত ভাৰতীয় সুৰা আৰু ফটকাৰ মূল্য বহু পৰিমাণে বেছি বুলি জানিব পৰা গৈছে।
ইতিমধ্যে, ধুবুৰী আৰক্ষীয়ে আদম আলীৰ বিৰুদ্ধে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছে বুলি জানিব পৰা গৈছে।