Share and Enjoy !

Shares

সমাগত বিধানসভা নিৰ্বাচন। ৰাজ্যত এতিয়া বিধানসভা নিৰ্বাচনৰ ব্যস্ত পৰিৱেশ । নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই ৰাজনৈতিক পৰিৱেশ গৰম হৈ পৰিছে । সকলো ৰাজনৈতিক দলেই এতিয়া সমাগত বিধানসভা নিৰ্বাচনকলৈ ব্যস্ত ।

শাসক-বিৰোধী উভয়ে নিজৰ নিজৰ এজেণ্ডা লৈ নিৰ্বাচনী ৰণত অৱতীৰ্ণ হৈছে; কিন্তু নির্বাচন চমু চাপি আহিলেও শাসক আৰু বিৰোধী উভয় মিত্ৰজোঁটতে আসন বিতৰণক লৈ জটিলতা এতিয়াও অব্যাহত আছে । বৰং নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে এই জটিলতা অধিক তীব্ৰতৰ হৈ পৰিছে ।

উল্লেখ্য যে, ধুবুৰীত উপস্থিত কংগ্ৰেছৰ পৰ্যবেক্ষক তথা উৰিষ্যাৰ সাংসদ সপ্ত গিৰী শংকৰ উল্কা। একাংশ প্ৰাৰ্থিত্ব প্ৰত্যাশিৰ মটৰ চাইকেল ৰেলীৰে শক্তি প্ৰদৰ্শন।২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ মাজত মাথো কিছুদিন বাকী থকাৰ সময়তে প্রতিটো ৰাজনৈতিক দলে টিকট কেন্দ্ৰিক তৎপৰতা আৰম্ভ কৰিছে।

ধুবুৰীৰ গৌৰীপুৰ বিধানসভা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী ঘোষণা কৰাৰ পাছৰে পৰা ধুবুৰীতো আৰম্ভ হৈছে টিকট কেন্দ্ৰিক ৰাজনীতি। স্ক্ৰিনিং কমিটিৰ পৰ্যবেক্ষক তথা উৰিষ্যাৰ সাংসদ সপ্ত গিৰী শংকৰ উল্কা উপস্থিত হোৱাৰ লগে লগে কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশি সকলে নিজৰ নিজৰ সমৰ্থক সকলক লৈ হোটেল অথিতিত ভিৰ কৰাৰ উপৰিও মটৰ চাইকেল ৰেলীৰে শক্তি প্ৰদৰ্শন কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *