Share and Enjoy !

Shares

বৈদ্যুতিক টাৱাৰত ৰহস্যজনক ভাবে চিপ লৈ থকা অৱস্থাত উদ্ধাৰ ট্ৰেক্টৰ চালকৰ মৃতদেহ। উদ্ধাৰ হোৱা মৃতদেহটো ছানোৱাৰ হুছেইন ওৰফে কেতু বুলি জানিব পৰা গৈছে।শুক্ৰবাৰে মাটিয়াবাগ অঞ্চলত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো।

ছানোৱাৰ হুছেইন ওৰফে কেতুৰ পৰিয়ালে কেতুক হত্যা কৰি আত্মহননৰ ৰূপ দিয়াৰ চেষ্টা কৰিছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে কদম আলী আৰু তেওঁৰ পিতৃ আজাদ আলীৰ বিৰুদ্ধে।

এই ঘটনাৰ পাছতেই অভিযুক্ত কদম আলী আৰু তেওঁৰ পিতৃ আজাদ আলী পলাতক অৱস্থাত আছিল বুলি জানিব পৰা গৈছিল। ইপিনে আৰক্ষীয়ে কদম আলীক কৰায়ত্ত কৰিবলৈ সক্ষম হয়। দেওবাৰে ধৃত কদম আলীক ধুবুৰী ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰায় গৌৰীপুৰ আৰক্ষীয়ে।

ঘটনা সন্দৰ্ভত গৌৰীপুৰ আৰক্ষী থানাত ভুক্তভোগীৰ পৰিয়ালে দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ২৮/২৬ নম্বৰত হত্যাৰ গোচৰ পঞ্জীয়ন কৰি আৰম্ভ কৰে তদন্ত। বৰ্তমানেও কদম আলীৰ পিতৃ আজাদ আলী পলাতক অৱস্থাত আছে বুলি জানিব পৰা গৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *