খেলুৱৈৰ বাবে সুখবৰ! কাইলৈ মুকলি হ’ব আন্তঃৰাষ্ট্ৰীয় মানসম্পন্ন ডিব্ৰুগড়ৰ খনিকৰ বহুমুখী ক্ৰীড়া প্ৰকল্প। গৃহমন্ত্ৰী অমিত শ্বাহে মুকলি কৰিব এই প্ৰকল্পটো।
দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে মুকলি কৰিবলগীয়া ডিব্ৰুগড়ৰ বহু প্ৰত্যাশিত খনিকৰ বহুমুখী ক্ৰীড়া প্ৰকল্পটো ২০১৮ চনৰ ৫ জুলাইত আধাৰশিলা স্থাপন কৰিছিল সেই সময়ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আৰু এতিয়া সুদীৰ্ঘ ৮ বছৰৰ পিছত আন্তঃৰাষ্ট্ৰীয় মানৰ এই প্ৰকল্পই পূৰ্ণতা লাভ কৰিব।
এই বহুমুখী ক্ৰীড়া প্ৰকল্পটোত প্ৰথম পৰ্যায়ত ৫ হাজাৰ আৰু পৰৱৰ্তী পৰ্যায়ত ৩৫ হাজাৰ দৰ্শকৰ আসনৰ সু ব্যৱস্থা থাকিব।
শিক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰখনৰ উন্নীত কৰণৰ পাছতেই ডিব্ৰুগড়ৰ ক্ৰীড়া ক্ষেত্ৰখনক চহকী কৰাৰ ক্ষেত্ৰত এই বহুমুখী ক্ৰীড়া প্ৰকল্পই উল্লেখযোগ্য ভূমিকা পালন কৰিছে। যাৰ বাবে ৰাজ্যৰ ক্ৰীড়া সংগঠক, ক্ৰীড়াপ্ৰেমী আৰু খেলুৱৈসকল আনন্দিত হৈ পৰিছে।