২০২৬ ৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ এটা দিন বাকী। নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিছে প্ৰতিটো ৰাজনৈতিক দল।
আজি অন্তিম নির্বাচনী প্ৰচাৰ কেন্দ্ৰীয় মন্ত্ৰী সবানন্দ সোণোৱালৰ। ডিব্ৰুগড়ত সমষ্টিটোৰ প্ৰাৰ্থী প্ৰশান্ত ফুকনৰ হৈ মাৰাথন প্ৰচাৰ কেন্দ্ৰীয় মন্ত্ৰী সবানন্দ সোণোৱালৰ ৷ এখন বৃহৎ জনসভাত অংশ লৈ কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে কংগ্ৰেছৰ বিৰুদ্ধে সোচ্ছাৰ হৈ পৰে ৷
ডিব্ৰুগড়ৰ সামগ্ৰিক উন্নয়নৰ স্বাৰ্থত পুনৰ প্ৰশান্ত ফুকনক বিজয়ী কৰিবৰ বাবে সকলোকে আগবাঢ়ি আহিবলৈ আহ্বান জনাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে । ইয়াৰ পিচতে প্ৰশান্ত ফুকনৰ হৈ উলিওৱা এক বৃহৎ ৰেলীত অংশ লয় কেন্দ্ৰীয় মন্ত্ৰীজনে ৷