Share and Enjoy !

Shares

আকাশবাণী ডিব্ৰুগড়ৰ অৱসৰপ্ৰাপ্ত ঘোষিকা ফৌজিয়া ৰহমানৰ দেহাৱসান। মগজুৰ ষ্ট্ৰোকত আক্ৰান্ত হৈ মৃত্যু হয় ঘোষিকাগৰাকীৰ।

শুকুৰবাৰে পুৱতি নিশা প্ৰায় ৪বাজি ৪০মিনিটত গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেয নিশ্বাস ত্যাগ কৰে ঘোষিকাগৰাকীৰয়ে । মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৩ বছৰ।

প্রায় দুই দশক জুৰি আকাশবাণী ডিব্ৰুগড়ৰ পশ্চিমীয়া সংগীত অনুষ্ঠানৰ ঘোষিকা হিচাপে অনুষ্ঠান পৰিৱেশন কৰি শ্ৰোতাক মুগ্ধ কৰিছিল। জনপ্রিয় ঘোষক চৈয়দ চাদুল্লাৰ সৈতে ফৌজিয়া ৰহমানে আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ পৰা ইংৰাজী ভাষাত কেইবাটাও জনপ্রিয় অনুষ্ঠান প্রযোজনা কৰিছিল। তেওঁৰ স্বামী ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ড° আলফ্রেড ৰহমানৰ মৃত্যুৰ পাছত ফৌজিয়া ৰহমানে গুৱাহাটীত বসবাস কৰিছিল।

তেখেতৰ মৃত্যুত সংগীতপ্ৰেমী আৰু শিল্পী সমাজে গভীৰভাৱে শোক প্ৰকাশ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *