Share and Enjoy !

Shares

সোণালী জয়ন্তী বৰ্ষ গৰকা ঐতিহ্যমণ্ডিত ডিব্ৰুগড় প্ৰেছ ক্লাৱে অৱশেষত লাভ কৰিলে নিজা স্থায়ী ঠিকনা। ডিব্ৰুগড়ৰ চৌকিডিঙ্গীস্থিত চাউথ জালান চাহ বাগিচাত নিৰ্মাণ হ’ব ডিব্ৰুগড় প্ৰেছ ক্লাৱৰ স্থায়ী কাৰ্যালয়।

অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মাণ হ’বলগীয়া ডিব্ৰুগড় প্ৰেছ ক্লাৱৰ স্থায়ী কাৰ্যালয়ৰ নিৰ্মাণকাৰ্য আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। মুখ্যমন্ত্ৰী শৰ্মা আৰু কেন্দ্ৰীয় সোণোৱালে ধৰ্মীয় ৰীতি-নীতিৰে ভূমি পূজন কৰি আধাৰশিলা কাৰ্যসূচী সমাপন কৰে।

ইয়াৰ পাছতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে, আজিৰ দিনটো ডিব্ৰুগড় প্ৰেছ ক্লাৱৰ বাবে ঐতিহাসিক দিন। ৫০ বছৰৰ পাছত ডিব্ৰুগড় প্ৰেছ ক্লাৱে অত্যাধুনিক ভৱন লাভ কৰিব। আমি আশা কৰিম এই প্ৰেছ ক্লাৱ ভৱনটো নিৰ্ধাৰিত সময়ৰ ভিতৰত যাতে সমাপন হয়। আমি ডিব্ৰুগড় প্ৰেছ ক্লাৱৰ সকলো বিষয়ববীয়াক শুভেচ্ছা জনাইছোঁ।

আনহাতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে, ইতিমধ্যে ৫০ বছৰ অতিক্ৰম কৰা ঐতিহ্যমণ্ডিত ডিব্ৰুগড় প্ৰেছ ক্লাবে লাভ কৰিব এটি স্থায়ী ঠিকনা। ডিব্ৰুগড়ৰপৰা গুণগত সংবাদ সেৱাৰ প্ৰসাৰেৰে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ভেটি সুদৃঢ় কৰাত সবল ভূমিকা পালন কৰি অহা সাংবাদিকসকলৰ সুবিধাৰ্থে আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ডিব্ৰুগড় প্ৰেছ ক্লাব ভৱনৰ আধাৰশিলা স্থাপন আৰু ভূমি পূজন কৰোঁ।

ইয়াৰ দ্বাৰা সমন্বিত প্ৰচেষ্টাৰে সংবাদ জগতক গতিশীলতা প্ৰদানেৰে সমাজৰ উৎকৰ্ষ সাধনত সাংবাদিকসকলে নিষ্ঠাৰে সেৱা আগবঢ়াই যাব বুলি আমি আশাবাদী। ডিব্ৰুগড় প্ৰেছ ক্লাৱৰ উপ-সভাপতি অনিল পোদ্দাৰে আঁত ধৰা আৰু সভাপতি মানসজ্যোতি দত্তৰ পৌৰহিতত অনুষ্ঠিত অনুষ্ঠানত মন্ত্ৰী বিমল বৰাই কয়, গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যম শক্তিশালী হ’লে দেশৰ ভেটি শক্তিশালী হয়।

ডিব্ৰুগড় প্ৰেছ ক্লাৱে সামাজিক, সাংস্কৃতিক আৰু সৰ্বাংগীনভাৱে ৰাষ্ট্ৰ নিৰ্মাণত সংবাদ মাধ্যমৰ জৰিয়তে সবল ভূমিকা পালন কৰি আহিছে। আশা কৰিছোঁ প্ৰেছ ক্লাৱৰ নতুন কাৰ্যালয় নিৰ্মাণৰ পিছত এই কাৰ্যালয়ৰ জৰিয়তে সাংবাদিকসকল যথেষ্ট উপকৃত হ’ব। ডিব্ৰুগড় প্ৰেছ ক্লাৱৰ সাধাৰণ সম্পাদক ৰিপুঞ্জয় দাসে উদ্দেশ্য ব্যাখ্যা কৰা সভাত প্ৰশান্ত ফুকন, ৰাজ্যসভাৰ সাংসদ ৰামেশ্বৰ তেলী, বিধায়ক বিনোদ হাজৰিকা আৰু চক্ৰধৰ গগৈ, ডিব্ৰুগড় পৌৰনিগমৰ মেয়ৰ ডাঃ চৈকত পাত্ৰ, চাউথ জালান নগৰ চাহ বাগিচাৰ স্বত্বাধিকাৰী তথা ভূমিৰ দাতা মৃগেন্দ্ৰ জালান আৰু মৃত্যুঞ্জয় জালান, বিশিষ্ট চাৰ্টাৰ্ড একাউণ্টেণ্ট তথা সমাজসেৱক জ্যোতি প্ৰসাদ কানৈ, অসম পেট্ৰ’কেমিকেল লিমিটেডৰ অধ্যক্ষ বিকুল ডেকা, কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ শশীকান্ত শইকীয়া, ডিব্ৰু মহাবিদ্যালয় অধ্যক্ষ ডঃ ৰঞ্জন চাংমাই, সমাজসেৱক তথা বিশিষ্ট ব্যৱসায়ী ৰাজন লোহিয়া, ডঃ কল্পনা খাউণ্ড, আৰ্কিটেক ( স্থাপত্যবিদ ) চঞ্চল ৰাজকোঁৱৰ, জে এছ বি কনষ্ট্ৰাকচনৰ হৈ সজ্জন হৰলালকা , বিশিষ্ট ব্যৱসায়ী তথা সমাজসেৱক আত্মাৰাম বিমৰিৱাল আদি উপস্হিত আছিল।

উল্লেখযোগ্য যে, প্ৰায় ৮.৭০ কোটি টকা ব্যয় সাপেক্ষে ডিব্ৰুগড় প্ৰেছ ক্লাবৰ আদৰ্শ ভৱনটো নিৰ্মাণৰ ব্যৱস্থা কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *