পুনৰ ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে বিশ্ব দৰবাৰত চৰ্চিত পৰিচালক ৰীমা দাসে।
ৰীমা দাসৰ পৰিচালিত ‘ভিলেজ ৰকষ্টাৰ্ছ ২’ ছবিখনৰ বাবে ২০২৫ বৰ্ষৰ ‘নিউয়ৰ্ক উইমেন ইন ফিল্ম এণ্ড টেলিভিছন’ (NYWIFT) বঁটা লাভ।
চলিত বৰ্ষত বিশ্বৰ ১১ গৰাকী অগ্ৰণী মহিলা চলচ্চিত্ৰ নিৰ্মাতাক এই সন্মান প্ৰদান কৰা হৈছে, যাৰ ভিতৰত ৰীমা দাস অন্যতম।
এই সফলতাৰ পিছতে ৰীমা দাসে আনন্দ প্ৰকাশ কৰি সামাজিক মাধ্যমত কয়, “এই সন্মান কেৱল মোৰ বাবে নহয়, বৰঞ্চ আমাৰ মাটিৰ কাহিনী, আমাৰ জীৱনৰ বাস্তৱ আৰু আমাৰ কণ্ঠস্বৰবোৰ সীমা অতিক্ৰমি বিশ্ববাসীৰ ওচৰলৈ যোৱাৰ এক স্বীকৃতি। এই যাত্ৰাৰ সৈতে জড়িত প্ৰতিগৰাকী ব্যক্তিক মই ধন্যবাদ জনাইছোঁ।”