Share and Enjoy !

Shares

নৱবৰ্ষৰ দ্বিতীয়টো দিনতে ডবকাৰ মৌডাংগা বনাঞ্চলত প্ৰশাসনৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান ।

ডবকাত আজিৰে পৰা আৰম্ভ হৈছে বৃহৎ উচ্ছেদ অভিযান ।

ডবকাৰ যমুনা-মৌডঙ্গা সংৰক্ষিত বনাঞ্চলৰ ৬ হাজাৰ বিঘা ভুমি বেদখলমুক্ত কৰিব প্ৰশাসনে।

মুঠ ১২৫০টা পৰিয়ালে দীৰ্ঘদিনৰ পৰা বেদখল কৰি ৰাখিছিল সংৰক্ষিত বনাঞ্চলৰ বৃহৎ ভূমি।

কেবাশতাধিক আৰক্ষী আৰু চি আৰ পি এফৰ জোৱান মোতায়ন কৰা হৈছে বেদখলকৃত এলেকাত।

৫০ খনৰো অধিক বুলডোজাৰ ব্যৱহাৰ কৰা হৈছে বৃহৎ উচ্ছেদ অভিযানত ।

ইতিমধ্যে অধিকাংশ লোকে নিজে নিজে ঘৰ দোৱাৰ দোকান পোহাৰ ভাঙি ত্যাগ কৰিছে বনাঞ্চলৰ ভুমি ।

বন বিভাগৰ বিশেষ মুখ্য সচিব এম কে যাদব উপস্থিত হৈছে ডবকাত ।

হোজাইৰ জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ লগতে প্ৰশাসনৰ উচ্চ পদস্থ বিষয়াসকলে পৰ্যবেক্ষন কৰি আছে উচ্ছেদস্থলি ।

ইপিনে উচ্ছেদৰ বাবে শুকুৰবাৰৰ দিনটো বাচনি কৰি ধৰ্মীয় অনুভুতিত আঘাত হনাৰ অভিযোগ একাংশ লোকৰ ।

উচ্ছেদিত সকলক অতি শীঘ্ৰে পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰাৰ লগতে কণ কণ শিশু আৰু শিক্ষাৰ্থীৰ অধিকাৰ সৰ্ব নকৰিবলৈ চৰকাৰক আহ্বান দল সংগঠনৰ ।

 

 

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *