Share and Enjoy !

Shares

ৰাজ্যৰ বিধানসভা নিৰ্বাচন দিন চুম চাপি অহাৰ লগে লগে সকলোবোৰ ৰাজনৈতিক দলে প্ৰচাৰাভিযান তীব্ৰতৰ কৰি তুলিছে৷

প্ৰতিকুল বতৰকো নেওচি ইতিমধ্যে শাসক- বিৰোধীৰ প্ৰাৰ্থীৰ হৈ অসমত প্ৰচাৰ চলাইছেহি কে’বাগৰাকী হাই প্ৰফাইল নেতাই ৷

নিৰ্বাচনী প্ৰচাৰৰ বাবে কাইলৈ অসমলৈ আহিব ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অর্জুন মুণ্ডা। উজনি অসমৰ কেইবাটাও গুৰুত্বপূৰ্ণ সমষ্টিত দলীয় প্ৰাৰ্থীৰ হৈ তেওঁ নিৰ্বাচনী ৰণডংকা বজাব।

উল্লেখ্য যে, উজনি অসমৰ নাহৰকটীয়া,টিংখাঙত প্ৰচাৰ চলাব ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে। ইপিনে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে কাইলৈ দিনটোৰ ভিতৰত দুখনকৈ বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *