Share and Enjoy !

Shares

নিউ গুৱাহাটী সমষ্টিত বিজেপি প্ৰাৰ্থী দিপ্লু ৰঞ্জন শৰ্মাৰ মাৰাথান নিৰ্বাচনী প্ৰচাৰ।

আজি নুনমাটি শংকৰ নগৰত সেৱা জনাই দিপ্লুৰঞ্জন শৰ্মাই নুনমাটি কেতবোৰ অঞ্চলত নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰে।

৩৫ নং নিউ গুৱাহাটী বিধান সভা সমষ্টিৰ অন্তৰ্গত এফচি আই , আনন্দ নগৰ, আদি ভিন্ন প্ৰান্তত নিৰ্বাচনী প্ৰচাৰ চলায় প্ৰাৰ্থী গৰাকীয়ে।

প্ৰাৰ্থী গৰাকীক ফুলাম গামোছাৰে সম্বৰ্ধনা জনায় ৰাইজে।

প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মাই সমষ্টিবাসীৰ উন্নয়নৰ স্বাৰ্থত বিজেপিক ভোট দিবলৈ ৰাইজক আহ্বান জনায়।

অঞ্চলটোৰ ৰাইজে সন্মুখীন হৈ অহা সমস্যা সমূহৰ ভিতৰত প্ৰধানত খোৱা পানীৰ সমস্যা সমাধান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে প্ৰাৰ্থী গৰাকীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *