Share and Enjoy !

Shares

বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত শোণিতপুৰ জিলা প্ৰশাসন আৰু আৰক্ষীয়ে সফলতা

জিলাখনৰ চাৰিদুৱাৰৰ অন্তৰ্গত লখৰাত এক তালাচী অভিযান চলাই প্ৰশাসনে জব্দ কৰে নগদ ৩০ লাখ ৫০ হাজাৰ টকা।।

উল্লেখ্য যে, নিৰ্বাচন আয়োগৰ নিৰ্দেশ মৰ্মে গঠন কৰা ফ্লাইং স্কোৱাড আৰু আৰক্ষীৰ যুটীয়া দলে লখৰা অঞ্চলত তালাচী চলাই জব্দ কৰে ধনখিনি ।

প্ৰাথমিক তদন্তত আৰক্ষী আৰু নিৰ্বাচনী বিষয়াসকলে সন্দেহ প্ৰকাশ কৰিছে যে এই ধনখিনি নিৰ্বাচনৰ পূৰ্বে ভোটাৰক বিতৰণ কৰিবলৈ বা ভোট কিনাৰ উদ্দেশ্যে সৰবৰাহ কৰা হৈছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *