ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰাভিযানৰ আজি অন্তিম দিন৷ বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত মহানগৰীৰ লাখটকীয়াত আৰক্ষীৰ অভিযানত জব্দ ৫ লাখ টকা৷
লাখটকীয়াৰ চাহিদা মাৰ্কেটৰ ওচৰৰ পৰা অসম জাতীয় পৰিষদৰ জাতীয় যুৱ শক্তিৰ প্ৰশাসনিক সাধাৰণ সম্পাদক ইফটিকাৰ হুছেইনৰ পৰা জব্দ কৰে ৫ লাখ টকা।
ইফটিকাৰ হুছেইন সহ আন এজন যুৱকক ইচিআইৰ চাৰ্ভিলেঞ্চৰ দলে আটক কৰে ৷