কাইলৈ অসম বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া। ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ প্ৰাক্মুহূৰ্তত আইন-শৃংখলা বজাই ৰাখিবলৈ দক্ষিণ শালমাৰা-মানকাচৰ জিলা প্ৰশাসনে গুৰুত্বপূৰ্ণ ব্যৱস্থা। জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তাৰ বিশেষ আদেশ জাৰি ।
বুধবাৰে সন্ধিয়া ৫-০০ বজাৰ পৰা সমগ্ৰ জিলাখনত ‘ড্ৰাই ডে’ ঘোষণা জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তাৰ।
এই আদেশ অনুসৰি জিলাৰ ভিতৰত থকা সকলো হোটেল, ভোজনালয়, দোকান তথা ৰাজহুৱা আৰু ব্যক্তিগত স্থানত সকলো ধৰণৰ নিচাজাতীয় সামগ্ৰী বিক্ৰী, বিতৰণ আৰু মজুত সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। নিৰ্বাচনী পৰিৱেশ শান্তিপূৰ্ণ আৰু সুস্থিৰ ৰাখিবলৈ এই সিদ্ধান্ত লোৱা হৈছে বুলি জিলা প্ৰশাসনে প্ৰকাশ কৰিছে।
এই ঘোষণা প্ৰকাশ পোৱাৰ পিছতেই জিলা আবকাৰী বিভাগে এফ এছ টি ৰ সহযোগত জিলাৰ বিভিন্ন ঠাইত ব্যাপক অভিযান আৰম্ভ কৰে।