Share and Enjoy !

Shares

ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত। ৰাজ্যত দিনক দিনে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত অধিক ভয়াবহ ৰূপ ধাৰণ কৰিবলৈ ধৰিছে। ৰাজ্যৰ কেইবাখনো জিলাত সঘনাই বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত হোৱা দেখিবলৈ পোৱা যায়।

নিতৌ সংবাদ শিৰোণাম দখল কৰে হাতী মানুহৰ সংঘাতে।খাদ্যৰ সন্ধানত নিতৌ বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহে বন্য হস্তীকে ধৰি অন্যান্য জীৱ-জন্তু । জীৱ শ্ৰেষ্ঠ মানুহৰ কৰ্মৰ বাবে অৰ্থাত্ ব্যাপক হাৰত জনাঞ্চল সংকুচিত হৈ আহিছে।যাৰ পৰিণতিত হাতী মানুহৰ সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছে ।

ৰাজ্যত চলি থকা ভয়ংকৰ হাতী-মানুহৰ সংঘাতত ইজনৰ পিচত সিজন নিৰীহ লোকে প্ৰাণ হেৰুৱালগীয়া হৈছে।ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালৈ জামুগুৰিহাটত অব্যাহত আছে বন্যহস্তীৰ সন্ত্ৰাস।জামুগুৰিহাটৰ বিভিন্ন প্ৰান্তত বনৰীয়া হাতীৰ উপদ্ৰৱ অব্যাহত থকাত শংকিত হৈ পৰিছে গঞা ৰাইজ। হাতী – মানুহৰ সংঘাত দিনক দিনে বৃদ্ধি পোৱাহে পৰিলক্ষিত হৈছে বৃহত্তৰ জামুগুৰিহাটত ৷

কিছুদিন ধৰি অঞ্চলটোত বন্যহস্তীয়ে সন্ত্ৰাস চলাই আছে। বন্যহস্তীৰ সন্ত্ৰাস আতংকিত হৈছে সাধাৰণ জনসাধৰণ৷ বুধবাৰৰ নিশা জামুগুৰিহাটৰ দীপাটোলা আৰু কৰতিপাৰ গাঁৱত বনৰীয়া হাতীয়ে বাসগৃহ আৰু ভঁৰাল ঘৰ আদি ভাঙি তহিলং কৰে৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজন এলেকাৰ পৰা খাদ্যৰ সন্ধানত নিশাৰ ভাগত ওলাই অহা বনৰীয়া হাতীৰ জাক এটাই দীপাটোলা গাঁৱৰ ৰতন ভূজেলৰ বাসগৃহ ভাঙি বিস্তৰ ক্ষতি সাধন কৰাৰ পিছতে গাঁওখনৰে গংগা থাপা নামৰ লোকজনৰো গোহালি ঘৰ ভাঙি তহিলং কৰে৷ ইয়াৰ পিছতে বৃহস্পতিবাৰে নিশাও প্ৰায় ১-০০ বজাত পুনৰ বনৰীয়া হাতীৰ জাকে জামুগুৰিহাটৰে কৰতিপাৰ গাঁওখনত প্ৰৱেশ কৰি বিৰেন নাথ নামৰ লোকজনৰ ভঁৰাল ঘৰ ভাঙি নষ্ট কৰি প্ৰায় ১৪ কুইন্টল ধান খাই উদং কৰে৷

অৱশ্যে বনৰীয়া হাতীৰ আক্ৰমনৰ পৰা পৰিয়ালসমূহৰ লোকসকলৰ কথমপি প্ৰাণ ৰক্ষা পৰে ৷ বৰ্তমান বনৰীয়া হাতীৰ উপদ্ৰৱত আতংকিত গঞা ৰাইজে উজাগৰী নিশা পাৰ কৰিবলগীয়া হয়৷

 

 

 

 

 

 

 

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *