বৃহস্পতিবাৰে উত্তৰ পশ্চিম যোৰহাট (ঢেকৰগঢ়া ) ব্লক কংগ্ৰেছ কমিটীৰ সৌজন্যত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ নেতৃত্বত জল জীৱন আচনিৰ ব্যৰ্থতাৰ বাবে চৰকাৰৰ বিৰুদ্ধে ২নং দহোঢীয়াত এখন ৰাজহুৱা সভাতেই এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।
উক্ত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি সংবাদ মাধ্যমৰ সন্মুখত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্যৰ লগতে মুখ্যমন্ত্ৰীক উদ্দেশ্যি পুনৰ তীক্ষ্ণ বাক্যবাণ গৌৰৱ গগৈৰ।
সংবাদ মাধ্যমৰ সন্মুখত গৌৰৱ গগৈৱে কয়.. ”I don’t care, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভয়-ভাবুকিৰ প্ৰতি মই কেয়াৰ নকৰো । মুখ্যমন্ত্ৰীয়ে কৰা ভাবুকিৰ ৰাজনীতি বেছি দিন নাথাকিব। ”অহা চাৰি মাহত শৰ্মাই নিজৰ ইচ্ছামতে সকলো কৰিব পাৰে, কিন্তু ক্ষমতা হেৰুৱালেই মানুহৰ মাজত তেওঁ থাকিব লাগিব।”
জুবিন গাৰ্গৰ চাৰ্জশ্বীট দাখিল পিছতেই সাংসদ গৌৰৱ গগৈৰ ফাইল খোল খাব বুলি মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যক প্ৰত্যাহ্বান জনাই গৌৰৱ গগৈয়ে হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যি ”I don’t care, মুখ্যমন্ত্ৰীৰ ভয় ভাবুকিক আমি কেয়াৰ নকৰো”
লগতে জুবিন গাৰ্গৰ মৃত্যু তদন্তৰ চাৰ্জশ্বীট সন্দৰ্ভত গৌৰৱ গগৈৱে কয়, ”জুবিন গাৰ্গৰ মৃত্যু তদন্তৰ যিখন চাৰ্জশ্বীট দিয়া হৈছে সেইখন দুৰ্বল চাৰ্জশ্বীট । এই চাৰ্জশ্বীটখনত মূল খলনায়কসকলক অন্তভুক্ত কৰা হোৱা নাই । এই চাৰ্জশ্বীটখনৰ জৰিয়তে শ্যামকানু মহন্তক ৰেহাই দিব পাৰি, সেয়া এক ৰণকৌশল চলিছে ”