Share and Enjoy !

Shares

বিশ্বনাথত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ।

আজি বাইপাছৰ পৰা কংগ্ৰেছৰ সভাপতিগৰাকীয়ে আৰম্ভ কৰিছে সময় পৰিবৰ্তনৰ যাত্ৰা। সহস্ৰাধিক কংগ্ৰেছ নেতা কৰ্মীয়ে মটৰ চাইকেল ৰেলীৰে এই যাত্ৰাত অংশগ্ৰহণ কৰে।গৌৰৱ গগৈয়ে এই যাত্ৰা সমাপ্ত কৰিব বিশ্বনাথৰ বালিপুখুৰীত। বালিপুখুৰী নিৰ্মাণ কৰা বাবু চবিলাল উপাধ্যায়ৰ প্ৰতিমূৰ্তি উন্মোচন কৰিব সভাপতি গৰাকীয়ে।

এই সময় পৰিৱৰ্তনৰ যাত্ৰাত সভাপতি গৰাকীক সংগ দিয়ে অসম বিধান সভাৰ বিৰোধী দলৰ দলপতি তথা বিধায়ক দেৱব্ৰত শইকীয়া,জেষ্ঠ কংগ্ৰেছ নেতা ৰিপুন বৰা, জেষ্ঠ কংগ্ৰেছ নেতা প্ৰাক্তন সভাপতি ভূপেন বৰা, বিধায়িকা শিবামনি বৰা, প্ৰেমলাল গঞ্জুসহ কংগ্ৰেছ দলৰ শীৰ্ষ নেতা কৰ্মী সকল।

Leave a Reply

Your email address will not be published. Required fields are marked *