Share and Enjoy !

Shares

আজি AICCৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে আৰু ৰাহুল গান্ধীলৈ পত্ৰ প্ৰেৰণ কৰিলে ভূপেন বৰাই।।পদত্যাগৰ পিছতে ভূপেন বৰাক দলত ৰাখিবলৈ শেষ চেষ্টা কংগ্ৰেছৰ। ভূপেন বৰাৰ সৈতে ৰুদ্ধধাৰ বৈঠক জিতেন্দ্ৰ সিঙৰ। ৰুদ্ধদ্বাৰ বৈঠকৰ পিছতে সংবাদমেল সম্বোধৰ কৰে জিতেন্দ্ৰ সিং, গৌৰৱ গগৈ আৰু ভূপেন বৰাই।

সংবাদমেলত পদত্যাগ পত্ৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰি ভূপেন বৰাই।কয়, ‘‘স্ৱাভিমান-আত্মসন্মানক লৈ কেতিয়াও আপোচ কৰা নাই। দলীয় মঞ্চত গুৰুত্বহীন হৈ পৰিছিলোঁ। সেইবাবে মই পদত্যাগ পত্ৰ দিছিলোঁ।’’।

লগতে ভূপেন বৰাই কয় ‘‘ৰাইজে দেখি আছে ৩২ বছৰে মই দলৰ বাবে কি কৰিছো। হাইকামাণ্ডে নাজানে প্ৰদেশত কি চলি আছে। মোৰ ঘৰৰ কোনোৱা আহিলে মই বাধা দিব পাৰিম নেকি?’’

ইফালে সংবাদমেলতে ভূপেন বৰাৰ ওচৰত ক্ষমা বিচাৰে গৌৰৱ গগৈয়ে।

গৌৰৱ গগৈ কয়, ‘‘খবৰ পোৱাৰ পিছত ৩ ঘণ্টা ৩০ মিনিট সময় কথা পাতিছো। ভূপেন বৰাৰ DNAত কংগ্ৰেছ আছে ।কৰোৱাত যদি আমাৰ ভুল হৈছে সৰু ভাইটি হিচাপে ক্ষমা বিচাৰিছো।’’

Leave a Reply

Your email address will not be published. Required fields are marked *