Share and Enjoy !

Shares

সাংসদ গৌৰৱ গগৈক বিশেষ দায়িত্ব প্ৰদান লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ।

ভাৰত-ফিলিপাইনচ মৈত্ৰী গোটৰ দলপতিৰ দায়িত্ব প্ৰদান সাংসদগৰাকীক। কূটনৈতিক আৰু বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ সুদৃঢ়কৰণৰ বাবে গঠন কৰা হৈছে এই গোট।

গৌৰৱ গগৈক এই দায়িত্ব প্ৰদানৰ পাছত প্ৰতিক্ৰিয়া ব্যক্ত কৰে বিজেপি চৰকাৰৰ মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই। কয়- মই জনাত কোনো ব্যক্তি বা সাংসদক কোনো অধ্যক্ষৰ দায়িত্ব দিয়া নাই।,অপাৰেশ্যন সিন্দুৰৰ পিছত বিদেশৰ সৈতে সম্পৰ্ক ৰক্ষা কৰিবলৈ ৬৪ টা গোট গঠন কৰা হৈছে।তেনে ১০/১২ জনীয়া এটা গোটৰ দলপতিহে দিয়া হৈছে গৌৰৱ গগৈক।।গুৰুতৰ অভিযোগ আছে গৌৰৱ গগৈৰ বিৰূদ্ধে, কিন্তু এতিয়ালৈ দোষী সাব্যস্ত হোৱা নাই,

তেওঁ লগতে কয়- যেতিয়াই এই বিষয় সন্দৰ্ভত ন্যায়পালিকাই নিজৰ ৰায় দি গৌৰৱ গগৈক দোষী সাবস্ত্য কৰিব, তেতিয়া সকলো সা-সুবিধাৰ পৰা তেওঁ বঞ্চিত হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *