Share and Enjoy !

Shares

শুকুৰবাৰে পুৱাই গোলাঘাট জিলাৰ মক্ৰং চাহ বাগিচাত বাগিচাৰ ভূমি দখলক কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত সংঘৰ্ষ। বাগিচাৰ ভূমি বলপূৰ্বক বেদখলৰ চেষ্টা চলোৱাক কেন্দ্ৰ কৰি সংঘটিত হয় সংঘৰ্ষ।

বাগিচাখনৰ ২৮ নম্বৰ অংশৰ কিছু ভূমি খণ্ড ফুকন নায়ক আৰু কমল কছাৰী নামৰ লোক দুজনে বেদখল কৰি মইমতালীৰে বাঁহৰ বেৰাৰে বেৰি লোৱাৰ অভিযোগ। বাগিচা কৰ্তৃপক্ষৰ ঘটনাটো দৃষ্টিগোচৰ হোৱাত শুকুৰবাৰে বাগিচা সমিতিৰ সভাপতি আৰু সম্পাদকে বেদখলকাৰী দুজনক বেৰা আঁতৰাই দিবলৈ নিৰ্দেশ দিয়ে।

কিন্তু ওলোটাই বেদখলকাৰীয়ে বাগিচা সমিতিৰ সভাপতি মহেশ তাঁতী আৰু জিতেন চাওতালক কোৰ আৰু দাৰে আক্ৰমণ কৰাৰ অভিযোগ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ জিতেন চাওতাল বৰ্তমান গোলাঘাট অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

ইফালে, বাগিচা সমিতিৰ বিষয়ববীয়াক আক্ৰমণ কৰাৰ খবৰ বিয়পি পৰাত বাগিচাখনৰ শতাধিক শ্ৰমিক উপস্থিত হৈ বেদখলকৃত ভূমিখণ্ডৰ বেৰাসমূহ উচ্ছেদ কৰে। আনহাতে, মেৰাপানী আৰক্ষীয়ে দুই অভিযুক্তক আটক কৰি বাহনত তুলিবলৈ লোৱাৰ সময়তে ৰাইজ অধিক উত্তপ্ত হৈ গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰে ফুকন নায়ক আৰু কমল কছাৰী নামৰ অভিযুক্ত দুটাক।

Leave a Reply

Your email address will not be published. Required fields are marked *