অসমত ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰা,ভাৰতীয় নাগৰিক সকলৰ নাম কৰ্তন বন্ধ কৰা আৰু মুখ্যমন্ত্ৰীক গ্ৰেপ্তাৰৰ দাবীত মুছলিম ছাত্র সন্থাৰ আজি মহানগৰীৰ চচলত দুঘণ্টীয়া অবস্থান ধর্মঘট কাৰ্যসূচী হাতে হাতে ফ্লেগ, বেনাৰ, দি লৈ চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে।মুছলিম ছাত্র সন্থাই
মুছলিম ছাত্র সন্থাৰ দাবীসমূহ হল:
ভোটাৰ তালিকা বিশেষ সংশোধন প্রক্রিয়া (SR)ৰ জড়িয়তে বৈধ ভাৰতীয় নাগৰিক সকলৰ নাম কৰ্তন বন্ধ কৰক।
ভোটাৰ তালিকা বিশেষ সংশোধন (SR)ৰ চূড়ান্ত ভোটাৰ তালিকাৰ পৰা বৈধ ভাৰতীয় নাগৰিকৰ নাম বাদ পৰা সকলক পুনৰ ভোটাৰ তালিকাত অন্তভূক্ত কৰিব লাগে।
মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই মুছলমানক টার্গেট কৰি সামাজিক মাধ্যমত AIৰ দ্বাৰা প্ৰচাৰ কৰা আপত্তিজনক ভিডিঅ’ শ্বেয়াৰ কৰাৰ বিৰুদ্ধে ন্যায়ালয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি মুখ্যমন্ত্ৰীক গ্ৰেপ্তাৰ কৰিব লাগে।
৫ এন আৰ চি ত নাম অন্তর্ভুক্ত সকলক ৰাষ্ট্ৰীয় পৰিচয় পত্ৰ প্ৰদান কৰক আৰু নাম বাদ পৰা সকলৰ বাবে আপীল পক্রিয়া আৰম্ভ কৰিব লাগে।
উজনি অসমত “মিঞা খেদা” অভিযানৰ নামত মুছলমান নাগৰিক সকলক হাৰাশাস্তি বন্ধ কৰক।