Share and Enjoy !

Shares

পুনৰ স্মাৰ্ট মহানগৰ আৰক্ষীক চেলেঞ্জ চোৰৰ ।

গুৱাহাটীৰ মঠঘৰীয়াত চোৰৰ চাফাই অভিযান। এমাহতে এটা বাসগৃহত দুবাৰকৈ চুৰিকাণ্ড । শুকুৰবাৰে ফুট গধূলিতে মঠঘৰীয়াৰ শ্ৰী নগৰস্থিত নিবাসী অসীম বৰুৱা নামৰ এজন শিক্ষকৰ বাসগৃহত চুৰিকাণ্ডৰ । ফুট গধূলিতে চোৰে বাসগৃহটোৰ দুৱাৰৰ তলা ভাঙি চুৰি কৰি নিলে সোণৰ আঙুঠি, নগদ ধন আৰু বহু মূল্যবান সা সামগ্ৰী।

শুকুৰবাৰে দিনৰ ১২ বজাত শিক্ষক অসীম বৰুৱা আৰু শিক্ষয়ত্ৰী ৰুবি ডেকাই কৰ্মস্থলীৰ পৰা উভতি অহাৰ পাছত ঘৰৰ সকলো বস্তু লণ্ডভণ্ড অৱস্থাত প্ৰত্যক্ষ কৰে।

বাসগৃহটোত থকা চি চি কেমেৰাত আবদ্ধ হৈছিল তিনিটা চোৰৰ দৃশ্য। এই ঘটনা সন্দৰ্ভত নুনমাটি থানাত এজাহাৰ দাখিল কৰে ভুক্তভোগীয়ে। চুৰি ঘটনা সন্দৰ্ভত নুনমাটি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও এতিয়ালৈকে কোনো শুংসূত্ৰ লাভ কৰা নাই।

ইপিনে এটা বাসগৃহতে দুবাৰকৈ চুৰি কাণ্ডৰ ঘটনাই সকলোকে আচৰিত কৰি তুলিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *