আজি মহানগৰবাসীয়ে লাভ কৰিব এখন নতুন উৰণ সেতু।
আজি মহানগৰবাসীৰ বাবে মুকলি হ’ব ভৰলুমুখ-শান্তিপুৰ সংযোগী উৰণ সেতু।
আজি বিয়লি মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে মুকলি কৰিব উৰণ সেতুখন।
প্রাক্তন কেন্দ্রীয় মন্ত্রী দীনেশ গোস্বামীৰ নামেৰে নামকৰণ কৰিছে এই উৰণ সেতুখন।
প্রায় ১.২ কিঃমিঃ দৈঘ্যৰ এই উৰণ সেতুখনে মাছখোৱাক এফালে শান্তিপুৰ শুইছগেটৰ সৈতে সংযোগ কৰিব।
প্ৰায় ১০০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিছে এই উৰণ সেতুখন।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেবিনেট মন্ত্ৰী নন্দিতা গাৰ্লোচা আৰু বিধানসভাৰ অধ্যক্ষ ৰমেন্দ্ৰ নাৰায়ণ কলিতা এই কাৰ্যসূচীত উপস্থিত থাকিব।