গুৱাহাটী মহানগৰীত পুনৰ ভয়ংকৰ চুৰিকাণ্ডৰ ঘটনা।
স্মাৰ্ট আৰক্ষীক প্ৰত্যাহ্বান জনাই মহানগৰীত প্ৰতিদিনে সংঘটিত হৈ আহিছে চুৰিৰ ঘটনা।
এইবাৰ গুৱাহাটীৰ মহানগৰীৰ নাৰেংগীৰ কলংপাৰ বজাৰত চোৰৰ অভিযান।
একেনিশাই চাৰিখনকৈ ব্যাৱসায়ীক প্ৰতিষ্ঠানত চোৰৰ।চাফাই অভিযান।
চিন্তামনি জুৱেলাৰ্চ,নাৰেংগী ৱাইন চাপ, মা ড্ৰেছাৰ আৰু চেল চেণ্টাৰ নামৰ ব্যৱসায়ী প্রতিষ্ঠানত চোৰে সংঘটিত কৰিলে চুৰিকাণ্ড।
চোৰে চাৰিখন দোকানৰ টিন আৰু চিলিং কাটি দোকানত প্ৰৱেশ কৰি চোৰে কৰিলে চুৰিকাণ্ড।
চোৰে জুৱেলাৰী দোকান খনৰ দুৱাৰ ভাঙি ৯ লাখ টকাৰ সোণ ৰূপৰ আ অলংকাৰ আৰু নগদ ধন লুটি লৈ যায়।
ইপিনে সুৰাৰ বিপনীৰ পৰা নগদ ধন আৰু সুৰাৰ বটল, কাপোৰৰ দুখন দোকানখনৰ পৰা বহু লাখ টকাৰ মূল্যবান কাপোৰ আৰু নগদ ধন লুটি লৈ যায়।
ঘটনা সন্দৰ্ভত প্ৰতিষ্ঠান চাৰিখনৰ স্বত্বাধিকাৰীয়ে নুনমাটি আৰক্ষী থানাত চুৰি সন্দৰ্ভত এজাহাৰ দাখিল কৰে ।
ঘটনাস্থলীত নুনমাটি আৰক্ষীৰ লোক উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।