Share and Enjoy !

Shares

মহানগৰীৰ মালিগাঁও বিজি কলনীত ভয়ংকৰ অগ্নিকাণ্ড।

গ্ৰীণটেক পাৰ্ক নামৰ এটা এপাৰ্টমেণ্টৰ দ্বিতীয় মহলাত লাগে জুই।

শ্বৰ্ট চাৰ্কিটৰ ফলত জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে।

এপাৰ্টমেণ্টটোৰ লোকসকলৰ তৎপৰতাত জুই বিয়পি পৰাৰ পৰা ৰক্ষা পৰে।

পৰৱৰ্তী সময়ত ঘটনাস্থলীত উপস্থিত হয় অগ্নিনির্বাপক বাহিনী।

অগ্নিকাণ্ডৰ ফলত দ্বিতীয় মহলাৰ D ব্লকত কিছু সা-সামগ্ৰী ক্ষতিগ্রস্ত।

এপাৰ্টমেণ্টটোত দুই শতাধিক পৰিয়ালে বাস কৰে।

এপাৰ্টমেণ্টটোত হঠাৎ অগ্নিকাণ্ড সংঘটিত হোৱাৰ পাছতে আতংকিত হৈ পৰে লোকসকল।

বৰ্তমান জুই নিৰ্বাপিত হোৱা বুলি জানিব পৰা গৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *