Share and Enjoy !

Shares

ভোগালীৰ আনন্দ উছাহৰ মাজতে মহানগৰীত চাঞ্চল্যকৰ ঘটনা।

জালুকবাৰীৰ নতুন শৰাইঘাট দলঙৰ পৰা মৰণজাঁপ এগৰাকী নৱ বিবাহিতাৰ।

মহিলাগৰাকী ব্ৰহ্মপুত্ৰত পৰা খবৰ লাভ কৰে ভাৰতীয় সেনা জোৱানে।

236 IWT OP Unit Engineer সদিলাপুৰ কেম্পৰ জোৱানৰ তৎপৰতাত প্ৰাণৰক্ষা মহিলাগৰাকীৰ।

মহিলাগৰাকীৰ নাম বৰষা দাস বুলি জানিব পৰা গৈছে।

সেনা বাহিনীৰ জোৱানসকলে উদ্ধাৰ কৰি জালুকবাৰী আৰক্ষীক চমজাই দিয়ে মহিলাগৰাকীক।

সম্প্ৰতি ঘটনাস্থলীত উপস্থিত হৈছে মহিলাগৰাকীৰ পৰিয়ালৰ লোক।

এই ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *