Share and Enjoy !

Shares

নিশাৰ মহানগৰীত চাঞ্চল্যকৰ ঘটনা।

এজন যুৱকক মৰিয়াই মৰিয়াই হত্যাৰ চেষ্টা উদণ্ড যুৱকৰ।

দীপাংশু শৰ্মা নামৰ যুৱকজনক প্ৰহাৰ ৰাজা ওৰফে সৰু আপা নামৰ এজনৰ।

কেমেৰাত বন্দী দীপাংশু শৰ্মাক হেলমেটেৰে প্ৰহাৰৰ নিৰ্মম দৃশ্য।

গুৱাহাটীৰ ভূতনাথত সংঘটিত হৈছে এই ঘটনা।

সমগ্ৰ ঘটনাৰ বিৱৰণ সংবাদ মাধ্যমৰ আগত ভুক্তভোগীৰ।

নিশা প্ৰায় ১১ বজাত দুই বন্ধুৰ সৈতে কালীপুৰস্থিত ঘৰলৈ আহি আছিল দীপাংশু শৰ্মা। সেই সময়তে পথৰ কাষত এহাল যুৱক-যুৱতীৰে কাজিয়াত লিপ্ত হৈ আছিল ৰাজা ওৰফে সৰু আপা

ঘৰৰ কাষত কাজিয়া নকৰিবলৈ অনুৰোধেই কাল হ’ল দীপাংশুৰ। প্ৰথমে আন দুজন বন্ধুক প্ৰহাৰ কৰে ৰাজাই।পৰৱৰ্তী সময়ত হেলমেটেৰে উপৰ্যুপৰি প্ৰহাৰ কৰে দীপাংশুক।

ঘটনা সন্দৰ্ভত ভৰলুমুখ থানাত এজাহাৰ ভুক্তভোগী যুৱকৰ। ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ ভৰলুমুখ আৰক্ষীৰ।কিন্তু আৰক্ষী অহাৰ উমান পোৱাৰ আগতেই পলায়ন ৰাজা ওৰফে সৰু আপাৰ।

এই ঘটনাত মুখ আৰু মূৰত বেয়াকৈ আঘাতপ্ৰাপ্ত হয় দীপাংশু শৰ্মা।

 

 

 

 

 

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *