গুৱাহাটী মহানগৰীত প্ৰৱঞ্চনাৰ ভয়ংকৰ জাল ।
কেইবালাখ টকা লুটি পলাই থকাৰ অভিযোগ Dwin infrastructure Pvt Ltd নামৰ এটা গৃহ নিৰ্মাণৰ কোম্পানীৰ স্বত্বাধিকাৰী বিৰুদ্ধে।
চাকৰি দিয়াৰ নামত আৰু গৃহনিৰ্মাণৰ কৰি দিয়াৰ নামত প্ৰৱঞ্চনা কৰাৰ অভিযোগ Dwin infrastructure pvt Ltd নামৰ কোম্পানীৰ স্বত্বাধিকাৰীৰ বিৰুদ্ধে।
গুৱাহাটীৰ গীতানগৰ আৰক্ষী থানাত এজাহাৰ দাখিল প্ৰৱঞ্চনাৰ বলি হোৱা কেইবাজনো ভুক্তভোগীৰ।
গুৱাহাটীৰ জুৰোডস্থিত Dwin infrastructure Ltd কোম্পানীটোৰ কৰ্মচাৰীয়ে চাকৰি কৰি দৰমহা নোপোৱাৰ অভিযোগ প্ৰতিষ্ঠানটোৰে কৰ্মৰত কৰ্মচাৰীৰে ।
একেদৰেই কোম্পানীটোৰ বিৰুদ্ধে গ্ৰাহকে গৃহ নিৰ্মাণৰ ঠিকাৰ বাবদ লাখ লাখ টকা আগধন দিয়াৰ পিছতেও কাম কৰি নিদিয়াৰ অভিযোগ দি গীতানগৰ আৰক্ষী থানাত এজাহাৰ দাখিল ভুক্তভোগীৰ।
উল্লেখ যে, গুৱাহাটীৰ জুৰোডস্থিত Dwin infrastructure Ltd নামৰ ব্যক্তিগত কোম্পানীটোত বহু কেইজন কৰ্মচাৰীয়ে নিযুক্তি পত্ৰ লৈ মাহৰ পিছত মাহ ধৰি কৰ্মচাৰীৰূপে কাম কৰিও দৰমহা নোপোৱাৰ অভিযোগ কৰি কোম্পানীটোৰ স্বত্বাধিকাৰীৰ বিৰুদ্ধে গীতানগৰ আৰক্ষী থানাত দাখিল কৰে এজাহাৰ
আনহাতে গৃহ নিৰ্মাণৰ বাবে ব্যক্তিগত কোম্পানীটোৱে লাখ লাখ টকা আগধন দিয়াৰ পিছতো কাম নকৰাৰ অভিযোগ তুলি কেইবাজনো গ্ৰাহকে এজাহাৰ দাখিল কৰিলে গীতানগৰ আৰক্ষী থানাত।
ইপিনে ভুক্তভোগীৰ এজাহাৰৰ ভিত্তিত গীতানগৰ আৰক্ষীয়ে জুৰোড গৃহ নিৰ্মাণ কৰাৰ ব্যক্তিগত প্ৰতিষ্ঠানটোৰ কার্যালয়ত কাষ চাপিছিল যদিও পলায়ন কৰে প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী চন্দন হালৈ আৰু তেওঁৰ সহযোগী মহিলা গৰাকী। সম্প্ৰতি উপায়বিহীন হৈ ভুক্তভোগী সকলে কাষ চাপিছে সংবাদ মাধ্যমৰ ।
সম্প্ৰতি আৰক্ষীয়ে এজাহাৰৰ ভিত্তিত কি তদন্ত কৰে সেয়া লক্ষণীয় হ’ব।