Share and Enjoy !

Shares

সাতগাঁৱৰ অপহৰণ আৰু ডকাইতিৰ ঘটনাত জড়িত মূল মাষ্টাৰ মাইণ্ডসহ তিনিজনক গ্ৰেপ্তাৰ।

সাতগাও আৰক্ষীয়ে ডকাইতিৰ আৰু অপহৰণকাণ্ডৰ ঘটনাৰ লগত জড়িত মূল মাষ্টাৰ মাইণ্ড হাইদৰ আলী, বিশাল বিশ্বাস আৰু চাহিল আলীক নামৰ অপহৰণকাৰীকেইজনক সাতগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰে।

DCP চেণ্ট্ৰেল সম্ভাবী মিশ্ৰই সাতগাওঁ থানাত আয়োজন কৰা সংবাদ মেল যোগে প্ৰকাশ কৰে এই তথ্য।

উল্লেখ্য যে, মঠঘৰীয়াৰ বাসিন্দা তথা গাড়ী ব্যৱসায়ী মহিদুল আলী নামৰ ব্যৱসায়ী এজনক এটা দুৰ্বৃত্তৰ দলে অপহৰণ কৰি ধন দাবী কৰিছিল।দুৰ্বৃত্তৰ দলটোৱে মুক্তিপন হিচাপে ব্যৱসায়ী জনক ৫ লাখ টকা দাবী কৰে।ধন দিবলৈ অমান্তি হোৱাত অপহৰণকাৰী দলে গাড়ীৰ ভিতৰত গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰি লগত থকা নগদ ৪৫,০০০ টকা আৰু ডেৰ লাখ টকাৰ সোণৰ চেইন কাঢ়ি নিয়ে।লগতে দুৰ্বৃত্তৰ দলটোৱে ব্যৱসায়ী জনক লোৰ ৰডেৰে মাৰপিট কৰে।

ব্যৱসায়ী জনক স্থানীয় ৰাইজে উদ্ধাৰ কৰে। অপহৰণকাৰী দলটো ঘটনাস্থলীৰ পৰা পলায়ন কৰে।ভুক্তভোগী মহিদুল আলীয়ে সাতগাওঁ থানাত এখন এজাহাৰ দাখিল কৰিছিল।এই এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ ডকাইতি কাণ্ডত জড়িত মূল তিনি জন অভিযুক্তক।আৰক্ষীয়ে ধৃত যুৱক কেইজনৰ পৰা চাৰিচকীয়া গাড়ী, স্কুটি আৰু সোণৰ চেইন জব্দ কৰিছে।

ইপিনে এই ডকাইতি ঘটনাত মুঠ ছয় জন লোক জড়িত আছে বুলি আৰক্ষীয়ে প্ৰকাশ কৰে। আৰু এই ঘটনাত জড়িত আন লোক কেইজনৰ সন্ধানত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *