Share and Enjoy !

Shares

চাকৰি নিয়মীয়াকৰণৰ দাবী তুলি চৰকাৰৰ বিৰুদ্ধে চচলত পুনৰ প্ৰতিবাদত বহিল ৰাজ্যৰ একাংশ শিক্ষয়িত্ৰী।

সদৌ অসম প্ৰাক-প্ৰাথমিক ক’-শ্ৰেণীৰ শিক্ষয়িত্ৰী সন্থাই স্থায়ী নিযুক্তি, দৰমহা নিয়মীয়াকৰণ, আন চৰকাৰী শিক্ষকৰ দৰে তেওঁলোককো সম: মৰ্যাদা প্ৰদানকে ধৰি কেইবাটাও দাবী তুলি আজিৰে পৰা চচলৰ ধৰ্ণাস্থলীত অনিৰ্দিষ্ট কালীন অনশন কাৰ্যসূচী ৰূপায়ন কৰিছে।প্ৰতিবাদীকাৰীয়ে।

শিক্ষয়িত্ৰীসকলে আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে প্ৰাক-প্ৰাথমিক ক’-শ্ৰেণীৰ শিক্ষয়িত্ৰী সকলৰ চাকৰি নিয়মীয়া কৰণৰ দাবী তোলে। দীৰ্ঘদিন ধৰি বিনা বেতনে শিক্ষকতা কৰি অহাৰ পিছতো চৰকাৰৰ শিক্ষা বিভাগে তেওঁলোকৰ চাকৰি নিয়মীয়া কৰণৰ ক্ষেত্ৰত আজিলৈ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই।ৰাজ্যৰ বিভিন্ন প্ৰাথমিক বিদ্যালয়ত যোৱা ২০/২৫ বছৰ ধৰি শিক্ষকতা কৰি অহা শিক্ষয়িত্ৰীসকলক চাকৰি নিয়মীয়া কৰণ কৰাৰ প্ৰতিশ্ৰুতি দিয়াৰ পিছতো ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে সেই প্ৰতিশ্ৰুতি পালন নকৰাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰি আজিৰে পৰা এনেদৰে অনশন কাৰ্যসূচী ৰূপায়ন কৰিছে।

উল্লেখ্য যে, শিক্ষামন্ত্ৰীয়ে নিৰ্বাচনৰ পূৰ্বে প্ৰাথমিক শিক্ষক শিক্ষয়িত্ৰী সকলক চাকৰি নিয়মীয়া কৰা হয় বুলি প্ৰতিশ্ৰুতি দিছিল। কিন্তু কালি শিক্ষা মন্ত্ৰীয়ে প্ৰাথমিক শিক্ষক শিক্ষয়িত্ৰী সকলক চাকৰি নিয়মীয়াকৰণ কৰা নহয় বুলি ঘোষণা কৰাত সদৌ অসম প্ৰাক-প্ৰাথমিক ক’-শ্ৰেণীৰ শিক্ষয়িত্ৰী সন্থাই আজিৰে পৰা পুনৰ অনিৰ্দিষ্ট কালীন অনশন কাৰ্যসূচী ৰূপায়ন কৰি আছে।

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *