পুৰণি শৰাইঘাট দলঙৰ সমীপত চলন্ত বাহনত অগ্নিকাণ্ড।
ৰাজপথত হঠাৎ জ্বলি উঠিল অক্ষয় পাত্ৰ সংগঠনৰ পিকআপ ভান।
আমিনগাঁৱৰ পৰা জালুকবাৰী দিশে আহিছিল বাহনখন।
বিদ্যালয়ত মধ্যাহ্ন ভোজন যোগানত ব্যৱহৃত বাহনখন।
যান্ত্রিক বিজুতিৰ বাবে এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ।
পৰৱৰ্তী সময়ত ঘটনাস্থলীত উপস্থিত হয় যানবাহন আৰক্ষী, অগ্নিনির্বাপক বাহিনী।
অগ্নিকাণ্ডত বাহনখনৰ সন্মুখভাগ ক্ষতিগ্রস্ত হয়।
অৱশ্যে ঘটনাত কোনো লোক হতাহত হোৱা নাই।