Share and Enjoy !

Shares

গুৱাহাটী ১৯ ডিচেম্বৰ: অসম সত্ৰ মহাসভাৰ উদ্যোগত ১৮ ডিচেম্বৰত ত্ৰিপুৰাৰ ধৰ্মনগৰৰ সোমাজত এটা বহুমুখী সাংস্কৃতিক প্ৰকল্প স্থাপনৰ বাবে অসম সত্ৰ মহাসভাই এক অভিলাষী আঁচনি গ্ৰহণ কৰিছে।

অসম সত্ৰ মহাসভাৰ গুৱাহাটী মহানগৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক যুগান্ত বায়নে প্ৰকাশ কৰা এক বিবৃতি যোগে কয় যে, ত্ৰিপুৰাৰ ধৰ্মনগৰৰ বিষ্ণুপ্ৰিয়া মণিপুৰী সমাজৰ হৈ সমাজৰ বিশিষ্ট জ্যেষ্ঠ নাগৰিক কমল সিনহাই মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ মূল দৰ্শন আৰু ভক্তি ভাৱনা আৰু সাংস্কৃতিক ঐতিহ্যসমূহৰ প্ৰচাৰ, প্ৰসাৰ আৰু বিকাশৰ বাবে ত্ৰিপুৰাত এই সাংস্কৃতিক প্ৰকল্পটো স্থাপনৰ বাবে নিজস্বভাৱে মাটি দান কৰিছে।

এই উপলক্ষে ১৮ ডিচেম্বৰৰ আবেলি অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অসম সত্ৰ মহাসভাৰ সম্পাদক প্ৰধান কুসুম কুমাৰ মহন্তৰ হাতত মাটিদাতাৰ বৰ জীয়ৰী বেবী সিনহাই মাটিৰ প্ৰয়োজনীয় নথিপত্ৰ প্ৰদান কৰে।

অসম সত্ৰ মহাসভাৰ বৰাক উপত্যকা মণ্ডলৰ সম্পাদক বিশ্বজিৎ সিনহাই আতধৰা এই অনুষ্ঠানত অসম সত্ৰ মহাসভাৰ সমন্বিত যুৱ তীৰ্থৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্য্যকৰী সভাপতি বনজিৎ ৰাভা আৰু উপ-সভাপতি মুকেশ দত্ত গোস্বামী উপস্থিত থাকে।

অসম সত্ৰ মহাসভাই এই সাংস্কৃতিক প্ৰকল্পৰ যোগেদি সমগ্ৰ ত্ৰিপুৰাত গুৰুদুজনাৰ অমূল্য সৃষ্টি আৰু কৃষ্টিসমূহৰ বিকাশৰ লগতে এনে অমূল্য সম্পদ মূহ বিশ্ব মুখী কৰাৰ বাবে এক উল্লেখনীয় পদক্ষেপ হিচাপে বিবেচিত হ’ব বুলি আশা প্ৰকাশ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *