তীৰ্থনগৰী হাজোত লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা।তীৰ্থনগৰী হাজোত লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা।

Share and Enjoy !

Shares

তীৰ্থনগৰী হাজোত লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা। পত্নীক মৰিয়াই মৰিয়াই হত্যা কৰাৰ অভিযোগ স্বামী বানেজ আলীৰ বিৰুদ্ধে।

পত্নীক নৃশংস হত্যা কৰাৰ পিছত চোতালত পেলাই থৈছিল পত্নীৰ মৃতদেহ। হত্যাকাণ্ডক আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা চলোৱাৰ অভিযোগ বানেজৰ বিৰুদ্ধে।

জানিব পৰা মতে, শুকুৰবাৰে পুৱাই হাজোৰ হাবলাখাত সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনাটো। বানেজ আলী নামৰ এজন লোকে ঘৰৰ ভিতৰতে মৰিয়াই মৰিয়াই পত্নীক হত্যা কৰাৰ অভিযোগ স্থানীয় লোকৰ। এখন চূৰ্ণীৰে পত্নী জামিৰণ বেগমৰ ডিঙিত বান্ধি ঘৰৰ ভিতৰৰ পৰা চোঁচৰাই আনি থকাৰ প্ৰত্যক্ষ কৰে প্ৰতিৱেশীয়ে

ঘৰৰ চোতালত পেলাই থৈছিল পত্নীৰ মৃতদেহ। প্ৰথম অৱস্থাত হত্যাকাণ্ডক আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা কৰিছিল ঘাতক বানেজ আলীয়ে। কিন্তু পৰৱৰ্তী সময়ত ৰাইজৰ জেৰাত পত্নীক হত্যা কৰাৰ কথা স্বীকাৰ কৰে পাষাণ বানেজে।

Leave a Reply

Your email address will not be published. Required fields are marked *