Share and Enjoy !

Shares

হাজোৰ অভয়পুৰত পুৱাই দোৰাদৌৰি স্থানীয় ৰাইজৰ। আলিকাষৰ খেতি পথাৰলৈ পুৱাৰ কুঁৱলিৰ আস্বাদন ফালি সুমাই গৈছে শ শ লোক। সকলোৰে হাতে হাতে খালী বটল, বাল্টি, ড্ৰাম। কিন্তু প্ৰচণ্ড শীতকো নেওচি কিয় এনেদৰে খেতি পথাৰখনত ভিৰ কৰিছে এইসকল লোকে।

আচলতে, অভয়পুৰৰ আলিকাষৰ খেতি পথাৰখনৰ তলেৰে গৈছে কেইবাডালো খাৰুৱা তেলৰ পাইপ। তাৰেই এডাল পাইপ ফুটি পুৱতি নিশাৰে পৰা নিৰ্গত হৈছে হাজাৰ হাজাৰ লিটাৰ খাৰুৱা তেল। খাৰুৱা তেলেৰে ভৰি পৰিছে খেতি পথাৰখন। সেই খবৰ পাই তেল নিবলৈ যিয়ে যি পাই হাতে হাতে লৈ কেৱল দৌৰিছে সেই স্থানলৈ।

সকলোৱে মোনা ভৰাই লৈছে ফ্ৰী’ খাৰুৱা তেল। স্থানীয় লোকৰ সন্দেহ পুৱতি নিশা অহা ভূমিকম্পই ফুটাই পেলালে সাৰুৱা তেলৰ পাইপ ডাল। খবৰ কৰা কৰা হ’ল বিভাগীয় কৰ্তৃপক্ষৰ লগতে অগ্নিনিৰ্বাপক বাহিনী আৰু আৰক্ষীক। কিছু সময় পিছত zঘটনাস্থলীত বিভাগীয় লোক উপস্থিত হৈ মেৰামতি কৰিলে পাইপৰ ফুঁটা। যদিও নিশ্চিত নহ’ল এয়া ভূমিকম্পৰ প্ৰতিফলন নে আন কিবা। যি হলেও সোমবাৰৰ পুৱাৰ এই ঘটনাই কিন্তু ব্যস্ত কৰি ৰাখিলে অভয়পুৰৰ ৰাইজক।

Leave a Reply

Your email address will not be published. Required fields are marked *