Share and Enjoy !

Shares

বজালী আৰক্ষীৰ বৃহৎ সফলতা। গৰু চুৰিৰ বৃহৎ চক্ৰ উৎখাত ।

গৰু চুৰি চক্ৰৰ মূল মাষ্টাৰ মাইণ্ড হাজোৰ কুখ্যাত চোৰ আতিফুল ৰহমান ওৰফে বুলুক গ্ৰেপ্তাৰ।

বিলাসী বাহনেৰে আহি নামনি অসমৰ বিভিন্ন প্ৰান্তত গৰু চুৰিৰে সন্ত্ৰাস চলাইছিল বুলুৱে।

বুলুৰ নেতৃত্বতে কেবাটাও গৰু চুৰে নিশা হ’লেই নামি পৰে গৰু চুৰি কাৰ্যত।

ইতিমধ্যেই বজালী আৰক্ষীয়ে যোৱা ৮ জানুৱাৰীত গ্ৰেপ্তাৰ কৰিছিল চাৰিটাকৈ চোৰক ।

তাৰ পৰাই পলাই আছিল মুল অভিযুক্ত বুলু ।

অৱশেষত বজালী আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত হাজোৰ নিজ গৃহৰ পৰা বুলুক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।

প্ৰায় এমাহ পূৰ্বেই বুলুই এখন ব্ৰিজা গাড়ীৰে পাঠশালাৰ পৰা চুৰি কৰিছিল এটি বলধ গৰু ।

চুৰি কাৰ্য বন্দী হৈছিল চিচি টিভি কেমেৰাত ।

চিচি টিভিৰ ভিডিঅ’ ৰ ওপৰত ভিত্তি কৰি  আৰক্ষীয়ে আৰম্ভ কৰিছিল অনুসন্ধান।

আৰক্ষীয়ে ইতিমধ্যেই গৰু চুৰি কাৰ্যত জড়িত বিলাসী বাহন এখন ক্ৰেটা এখন ব্ৰিজা আৰু স্ক’ৰপিও বাহন জব্দ কৰিবলৈ সক্ষম হৈছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *