Share and Enjoy !

Shares

হাজোৰ ঐতিহ্যমণ্ডিত পোৱামক্কা দৰগাহ শ্বৰীফত আয়োজিত উৰুচ মেলা উপলক্ষে উদুলি-মুদুলি পৰিৱেশ বিৰাজ কৰিছে। দৰগাহ শ্বৰীফত তিনিদিনীয়াকৈ আৰম্ভ হৈছে পবিত্ৰ উৰুচ মেলা। ধৰ্মীয় ভক্তি, ঐক্য আৰু সম্প্ৰীতিৰ এক অপূৰ্ব নিদৰ্শন হৈ পৰিছে এই মেলা।

দেশ-বিদেশৰ পৰা অহা ভক্তৰ উপস্থিতিত উদূলি-মুদুলি হৈ পৰিছে হাজোৰ বাকৰি। হিন্দু-মুছলিম ভাতৃত্বৰ এক শক্তিশালী বাৰ্তা বহন কৰি আহিছে হাজোৰ এই পৱিত্ৰ স্থানে।

ইফালে, উৰুচ মেলাক কেন্দ্ৰ কৰি সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। আৰক্ষী প্ৰশাসন, স্বেচ্ছাসেৱী সংগঠন আৰু দৰগাহ পৰিচালনা সমিতিয়ে মিলি পৰিস্থিতিৰ ওপৰত চোকা দৃষ্টি ৰাখিছে। যান-বাহন নিয়ন্ত্ৰণ, স্বাস্থ্য সেৱা আৰু পানী ব্যৱস্থাক লৈও বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

আগন্তুক তিনিদিন ধৰি ধৰ্মীয় কাৰ্যসূচীৰ লগতে ভক্তৰ আগমন অধিক বৃদ্ধি পাব বুলি আশা কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *