Share and Enjoy !

Shares

হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত বাগটাত উচ্চ নিৰাপত্তা যুক্ত কাৰাগাৰৰ শিলান্যাস। অসম চৰকাৰৰ কাৰাগাৰ মন্ত্ৰী ৰূপেশ গোৱালাই ভূমি পূজনেৰে কাৰাগাৰ নিৰ্মাণৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে।

ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ অধীনত সমগ্ৰ ভাৰততে নিৰ্মাণ হ’বলগীয়া ৬খন উচ্চ নিৰাপত্তা যুক্ত কাৰাগাৰৰ ভিতৰত হাজোৰ বাগটাত নিৰ্মাণ হ’বলগীয়া এইখন কাৰাগাৰৰ নিৰ্মাণ ব্যয় হ’ব ৯৪ কোটি ৮৪ লাখ টকা।

বৃহস্পতিবাৰৰ এই শিলান্যাস অনুষ্ঠানত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰূপেশ গোৱালা, ৰাজ্যিক বিজেপিৰ সভাপতি তথা দৰং ওদালগুৰি সমষ্টিৰ সাংসদ দিলীপ শইকীয়া, ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতা, কামৰূপ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰ আদিকে ধৰি বহু চৰকাৰী বিষয়াৰ লগতে উপস্থিত থাকে বিজেপি নেতা-কৰ্মী তথা স্থানীয় ৰাইজ।

বাগটাৰ প্ৰায় ১০ হেক্টৰ ভূমিত নিৰ্মাণ হ’বলগীয়া এই আধুনিক কাৰাগাৰখন অতি উচ্চ নিৰাপত্তাযুক্ত হোৱাৰ লগতে অত্যাধুনিক প্ৰযুক্তি সম্পন্ন হ’ব বুলি জনায় মন্ত্ৰী ৰূপেশ গোৱালাই।

 

Leave a Reply

Your email address will not be published. Required fields are marked *